Official video
Song Credits
Song : Ekajoli Bhalpuwa
Singer : Zubeen Garg & Jintie Das
Lyrics & Composition: Jintie Das
Music Mix & Mastering: Bhaskar Neelom
Ekajoli Bhalpuwa Lyrics in Assamese
দুচকুলে নামে সপোন
সপোনতো তোমাৰে নাচোন
মনে মনে তোমাকে ভাবো
মন ভৰা হাঁহিৰে সোন
জোন তৰা আকাশতো
চিকি মিকি তৰায়ে হাঁহে
মন ভৰা মিঠা মাতে
কাষলে মোক ৰিঙিয়াই আনে
মৰমে আহি ললে জিৰণী
তোমাৰ কোলাত
আবেগেও সাৰ পালে
মৰমে নধৰা হিয়াত
আকাশীৰ দৰে বোৰে
তোমাৰ কথাকে কলে
মৰম মিলন হব খোজে
বাৰে বাৰে
বাৰে বাৰে, বাৰে বাৰে।
প্ৰনয়ৰে বাহ তোমাৰ চকুত
সানিলে আহি মোৰ এই বুকুত
ৰজনীগন্ধা চৌপাশে
মতলীয়া আজি দুবাহুতে।
শুনো মিঠা মিঠা চুমা
পাখি লাহি মোৰেই দেহত
বান্ধি দিলা একাজলি ভালপোৱা
প্ৰনয়ৰে বান চিঙি দিলা
গাঁঠি দিলা মৰমৰে পৰিভাষা
বান্ধি দিলা একাজুৰি ভালপোৱা।
যুগে যুগে হৈ ৰম তোমাৰে
তুমি বিহীন জীৱন বৃদ্ধা মোৰ
অ ৰাধা-কৃষ্ণৰ প্ৰেমৰ দৰে
সাক্ষী হৈ ৰম আমি মৰমতে।
শুনো মিঠা মিঠা চুমা
পাখি লাহি মোৰেই দেহত
বান্ধি দিলা একাজলি ভালপোৱা
প্ৰনয়ৰে বান চিঙি দিলা
গাঁঠি দিলা মৰমৰে পৰিভাষা
বান্ধি দিলা একাজুৰি ভালপোৱা।।