Lyrics:
কবিতা কেনেকৈ লিখে
কেনেকৈ লিখেনো বাৰু গান
লিখিবৰ মোৰো মন আছে
শব্দবিহীন এটি গান
কবিতা কেনেকৈ লিখে
কেনেকৈ লিখেনো বাৰু গান
যি ভাষা চকুৱে কলে
অৰ্থ বিচাৰি পোৱা টান
ধন নালাগে সোন নালাগে
লাগে মাথো এটি সহাৰি
জোন নালাগে তঁৰা নালাগে
লাগে মাথো এটি হাঁহি
সাধাৰণ মোৰ জীৱনত
অসাধাৰণ সুখ হোৱাহি
( কাগজৰ কবিতাবোৰে
কিদৰেনো মন পঢ়ে
কিদৰে আখৰে মন ভৰে ) (২)
সুখ বিলাবলে দুখ মুচিবলে
এটি হাঁহি জানো পাই বজাৰত
মন আকিবলে মন যাচিবলে
অনুভূতি জানো পাই দোকানত
মন ভিতৰত মন গভীৰত
উনমন
কেনি বিয়পিলা তুমি…
তেজ মঙহৰ শৰীৰত
কিদৰে ৰলা থিতাপি
( কাগজৰ কবিতাবোৰে
কিদৰেনো মন পঢ়ে
কিদৰে আখৰে মন ভৰে ) (২)
মই পঢ়ি চালো
মই লিখি দিলো
এটি কবিতা মোৰ মন দেৱালত
মই আখৰে হৈ
মই ভাষাৰে বৈ
ধীৰে ধীৰে মিলি যাম উশাহত
মই কাষৰত যেন কাজলত তোমাৰ…
আলফুলে লোলা আঁকি
আইনাত কোন আহিছে
চাবানে বাৰু পৰশি
( কাগজৰ কবিতাবোৰে
কিদৰেনো মন পঢ়ে
কিদৰে আখৰে মন ভৰে ) (২) ।।
—————–
Song Credits:
Song: Kobita Kenekoi Likhe
Singer: Zubeen Garg & Subasna Dutta
Movie: Konwarpurar Konwar
Lyrics: Ibson Lal Baruah
Music: Poran Borkotoki
Produced by Rozy Bhuyan Films