Song Credit:
Singer: Priyanka Bharali
Lyrics/Tune: Rekibul
Music: Dipkesh Borgohain
Official video
Luit Poriya Lyrics
লুইতপৰীয়া আমি গাভৰু, আমি গাভৰু
ৰূপে গুণে নহও আমি কম (২)
বুকুত আছে বৈ সাহসৰে নৈ, অ সাহসৰে নৈ
দেশৰ বাবে লভিছো জনম (২)
অ জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ’ব নিদিও সেৰেঙা
জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম (২)
অ পথাৰৰে শুৱনী আমি ৰুৱনী
বহাগৰে বাওঁলীয়া আমি নাচনী
অ পথাৰৰে শুৱনী আমি ৰুৱনী
বহাগৰে বাওঁলীয়া আমি নাচনী
লুইতৰে দুটিপাৰ আছো জিলিকাই
ইতিহাসেও কব আমাৰ কাহিনী
অ জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ’ব নিদিও সেৰেঙা
জয়মতীৰ জীয়ৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম
অ ৰূপে গুণে নহও আমি কম
অ জাতি-জনজাতিৰ মিলনৰে ঠাই
অসম দেশৰ দৰে আৰু ক’ত নাই
অ অসম দেশৰ দৰে আৰু ক’ত নাই
কওঁতে কলিয়া মোৰ আইৰ গৰিমা
কথা দিলো আমিও ৰাখিম উজলাই
জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ’ব নিদিও সেৰেঙা
জয়মতীৰ জীয়ৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম
অ ৰূপে গুণে নহও আমি কম ।।