Song Credits :
Song: GulzaarSinger/ Music: Papon
Lyrics: Rajdweep
Play: Birangana by Rajdweep
Music Arrangement: Bijay Sankar, Rex Boro
Mixing-Mastering: Rex Boro
Gulzaar Lyrics in Assamese
ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ...
যুগে যুগে বৈ
উজোলিবো ৰওক
প্ৰণয় কাহিনী আমাৰ
তুমি মোৰ... মোৰ বুলি কওঁ
কাণে কাণে পখিলাবোৰক
জোনাকৰে তৰাবোৰক
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতেই
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতেই
তুমি কাষত ৰলে
মোৰে হেঁপাহৰে অনুৰণত
শুনা পাওঁ
তোমাৰ অভিমান ভাঙতে
প্ৰেমৰে ব্য়াকৰণ পাহৰি যাওঁ
তোমাৰ মৰম মোৰ চাৰিসীমা
পৰিধি তুমি মোৰ
তোমাকে লৈ জীৱনৰ বালিভেটা
ধেমালিতো নহবা... তুমি দূৰ
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতেই
ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ...
তুমি নহলে নিজৰে পৰিচয়
বিচাৰিচোন মই নাপাওঁ
তুমি বিনি মই
চিনাকী পৃথিৱীখন বিচাৰিচোন
কতো নেপাওঁ
তোমাৰ মৰম মোৰ চাৰিসীমা
পৰিধি তুমি মোৰ
তোমাকে লৈ জীৱনৰ বালিভেটা
ধেমালিতো নহবা... তুমি দূৰ
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতেই
ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ...
যুগে যুগে বৈ
উজোলিবো ৰওক
প্ৰণয় কাহিনী আমাৰ
তুমি মোৰ... মোৰ বুলি কওঁ
কাণে কাণে পখিলাবোৰক
জোনাকৰে তৰাবোৰক
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতেই
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱানা ঐ
ঠিকনা সপোনৰ তোমাতে।।